ৰোমান সাম্ৰাজ্য

ৰোমান সাম্ৰাজ্য
  • Imperium Romanum  (Latin)
  • Senatus populusque Romanus (SPQR)
    Senate and People of Rome[n 1]
  • Βασιλεία Ῥωμαίων  (language?)
    Basileía Rhōmaíōn
সাম্ৰাজ্য
Consul et lictores.png
27 BC – 285/395 AD (Whole)
285 – 476 (Western)
প্ৰায় 330 – 1453 (Eastern)
Constantine multiple CdM Beistegui 233.jpg

Aureus of Augustus, the first Roman Emperor.

১১৭ চনৰ ৰোমান সাম্ৰাজ্য[1]
ৰাজধানী
  • 27 BC – 293 AD: Rome
  • 293–330:
  • Western Empire only (in consort with Constantinople) (402–480)
     Ravenna
  • Whole Empire (330–1453)
     Constantinople[2]
ভাষা(সমূহ)
  • লেটিন (official until 610)
  • গ্ৰীক ভাষা (official after 610)
  • Regional / local languages
ধৰ্ম
  • Before AD 380: Imperial cult-driven polytheism
  • From AD 380: Christianity
চৰকাৰমিশ্ৰ চৰকাৰ, কাৰ্যক্ষেত্ৰত পূৰ্ণ ৰাজতন্ত্ৰ
সম্ৰাট
 - 27 BC – AD 14অগষ্টাছ (first)
 - 98–117ৰ্ট্ৰাজান
 - 284–305ডিঅ’ক্লেটিয়ান
 - 306–337প্ৰথম কনষ্টেণ্টাইন
 - 379–395প্ৰথম থিয়’ড’চিয়াছ
 - 474–480জুলিয়াচ নেপ'ছa
Legislatureৰোমান ছিনেট
কালধ্ৰুপদী কালৰ পৰা শেষকালীন মধ্য যুগলৈ
 - ৰোমান প্ৰজাতন্ত্ৰৰ অন্তিম যুদ্ধখ্ৰী:পূ: ৩২–৩০
 - সাম্ৰাজ্য প্ৰতিষ্ঠা30–2 BC
 - সাম্ৰাজ্যৰ
চৰম শিখৰত
১১৭
 - কনষ্টাণ্টিন'পল
ৰাজধানী ঘোষিত হয়
৩৩০
 - Final East West divide৩৯৫
 - সাম্ৰাজ্যৰ পশ্চিম অংশৰ পতন৪৭৬
 - কনষ্টাণ্টিন'পলৰ পতন২৯ মে' 1453
Area
 - খ্ৰী:পূ: ২৫[3][4]27,50,000 km2 (10,61,781 sq mi)
 - ১১৭ চন[3][5]50,00,000 km2 (19,30,511 sq mi)
 - 390 AD [3]44,00,000 km2 (16,98,849 sq mi)
Population
 - খ্ৰী:পূ: ২৫[3][4] est.5,68,00,000 
     Density20.7 /km2  (53.5 /sq mi)
Currencyচেষ্টাৰচিয়াছ, অ'ৰেচাছ, চ'লিডাছ, ন'মিস্মাc
Today part of
  • a Officially the final emperor of the Western empire.
  • b Last emperor of the Eastern (Byzantine) empire.
  • c Abbreviated "HS". Prices and values are usually expressed in sesterces; see below for currency denominations by period.
Warning: Value specified for "continent" does not comply

ৰোমান সাম্ৰাজ্য (ইংৰাজীRoman Empire) (লেটিন: Imperium Rōmānum, সাঁচ:IPA-la পৌৰাণিক আৰু মধ্যযুগীয় গ্ৰীক ভাষা: Βασιλεία τῶν Ῥωμαίων Basileia tōn Rhōmaiōn) হৈছে ৰোমান স্বৰাজোত্তৰ কালৰ সভ্যতা। ৰোমান সাম্ৰাজ্যখন এজন সম্ৰাটৰ নেতৃত্বত থকা চৰকাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু ৰোমান সাম্ৰাজ্যৰ শাসনাধীন অঞ্চলসমূহ মেডিটেৰেনিয়ান সাগৰৰ চাৰিওফালে ইউৰোপ, আফ্ৰিকা আৰু এচিয়ালৈকে বিস্তৃত আছিল। ইয়াৰ আগেয়ে গৃহযুদ্ধ আৰু ৰাজনৈতিক সংঘাটৰ ফলত ৰোমত বিৰাজমান ৫০০ বছৰীয়া ৰোমান প্ৰজাতন্ত্ৰত প্ৰৱল অস্থিৰতাৰ সৃষ্টি হয়। এই কালছোৱাত জুলিয়াচ ছীজাৰক স্থায়ী ডিক্টেটৰ বা ন্যায়পালিকা হিচাপে নিযুক্তি দিয়া হয়। খ্ৰী:পূ: ৪৪-ত তেওঁক কেইজনমান ষড়যন্ত্ৰকাৰীয়ে হত্যা কৰে। ফলস্বৰূপে গৃহযুদ্ধ আৰু হত্যালীলা অব্যাহত থাকে। ছীজাৰৰ তোলনীয়া পুত্ৰ অক্টাভিয়ানে খ্ৰী:পূ: ৩১-ত এক্টিয়ামৰ যুদ্ধত মাৰ্ক এণ্টনী আৰু ক্লিঅ’পেট্ৰাক পৰাজিত কৰে। ইয়াৰ পিছত অক্টেভিয়ান অদমনীয় হৈ উঠে আৰু খ্ৰী:পূ: ২৭ ত ৰোমান ছিনেটে তেওঁক আনুষ্ঠানিকভাৱে অসীম ক্ষমতা দিয়াৰ লগতে অগষ্টাছ উপাধি প্ৰ্দান কৰে। ইয়াৰ লগে লগে ৰোমান প্ৰজাতন্ত্ৰৰো যৱনিকা পৰে।

ৰোমান প্ৰজাতন্ত্ৰ প্ৰায় ৫০০ বছৰ ধৰি প্ৰচলিত আছিল। ইয়াৰে প্ৰথম দুটা শতিকা ৰাজনৈতিক সুস্থিৰতা আৰু সমৃদ্ধিৰ কাৰণে জনাজাত। এই কালছোৱাক ৰোমান শান্তিৰ যুগ হিচাপে অভিহিত কৰা হয়। অক্টেভিয়ানৰ বিজয়ৰ পিছৰ কালছোৱাত ৰোমান সাম্ৰাজ্যৰ পৰিসৰৰ নাটকীয় পৰিৱৰ্তন ঘটে। ৪১ চনত কেলিগুলাৰ হত্যাৰ পিছত ছিনেটে পুনৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ কথা বিবেচনা কৰে। কিন্তু ইতিমধ্যে প্ৰেইট’ৰিয়ান দেহৰক্ষী বাহিনীয়ে ক্ল’ডিয়াচক সম্ৰাট ঘোষণা কৰে। ক্ল’ডিয়াচৰ নেতৃত্বত ৰোমানসকলে ব্ৰিটানিয়াক নিজ সাম্ৰাজ্যৰ ভিতৰুৱা কৰে। অক্টেভিয়ানৰ পিছত এইটোৱে আছিল সৰ্ববৃহৎ ৰাজ্য বিস্তাৰৰ ঘটনা। ক্ল’ডিয়াচৰ পৰৱৰ্তী সম্ৰাট নীৰোৱে ৬৮ চনত আত্মহত্যা কৰাৰ লগে লগে পুনৰ ৰাজনৈতিক অস্থিৰতাৰ উদ্ভৱ হয়। গৃহযুদ্ধ আৰু বিদ্ৰোহৰ (ইহুদী-ৰোমান যুদ্ধ) লগতে চাৰিজন সেনাধ্যক্ষক সম্ৰাট ঘোষণা কৰা হয়। ৬৯ চনত ইয়াৰে ভেচপাছিয়ানে বিজয় সাব্যস্ত কৰে আৰু ফ্লেভিয়ান ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ পুত্ৰ পৰৱৰ্তী সম্ৰাট টাইটাছে ৰোমৰ বিখ্যাত ক’ল’চিয়াম নিৰ্মাণ কৰে। টাইটাছৰ পিছত ভ্ৰাতৃ ড’মিটিয়ান ৰোমান সিংহাসনত বহে আৰু দীৰ্ঘকাল ৰাজত্বৰ পিছত হত্যাৰ বলি হয়। ইয়াৰ পিছত ছিনেটে পাঁচজন সম্ৰাটক বাছনি কৰে। ইয়াৰে দ্বিতীয়জন সম্ৰাট ট্ৰাজানৰ শাসনকালতে ৰোমান সাম্ৰাজ্যই সৰ্বোচ্চ শিখৰ লাভ কৰে।

ক’ম’ডাছৰ ৰাজত্বকালত অস্থিৰতা আৰু পতনোন্মুখ গতি পুনৰ আৰম্ভ হয় আৰু ১৯২ চনত তেওঁ হত্যাৰ বলি হয়। ইয়াৰ পিছত ছেপ্টিমাচ চেভেৰাছ সম্ৰাট হয়। আলেকজেণ্ডাৰ চেভেৰাছৰ হত্যাৰ পিছত ৰোমান ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱল অস্থিৰতাৰ সৃষ্টি হয় আৰু ৰোমান ছিনেটে মাত্ৰ ৫০ বছৰৰ ভিতৰত ২৬ জন লোকক সম্ৰাট ঘোষণা কৰে। ডিঅ’ক্লেটিয়ানৰ শাসনকালত দেশখন চাৰিতা ভাগত ভাগ কৰি প্ৰত্যেকটো ভাগতে একোজন নিৰ্দিষ্ট শাসনকৰ্তা নিয়োগ কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে দেশলৈ পুনৰ সুস্থিৰতা ঘূৰি আহে। প্ৰথম কনষ্টেণ্টাইনৰ শাসনকালত গৃহযুদ্ধ নিৰ্মূল কৰা হয় আৰু প্ৰতিদ্বন্দীসকলক পৰাভূত কৰি তেওঁ একছত্ৰী সম্ৰাট হিচাপে অধিষ্ঠিত হয়। কনষ্টেণ্টাইনে ৰোমান ৰাজধানী বিজেণ্টাইনলৈ স্থানান্তৰ কৰে আৰু তেওঁৰ সন্মানাৰ্থে কনষ্টাণ্টিন’পল হিচাপে ঠাইখনৰ নতুন নামাকৰণ কৰা হয়। তেওঁ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে যি পিছলৈ ৰাষ্ট্ৰধৰ্ম হিচাপে থিতাপি লয়। সাম্ৰাজ্যৰ পূৰ্বীয় অঞ্চলটো বিশ্বৰ এক অগ্ৰণী শক্তি হিচাপে পৰিগণিত হয়।[6][7][8] একত্ৰ ৰোমান সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট প্ৰথম থিয়’ড’চিয়াছৰ মৃত্যুৰ পিছত ক্ষমতাৰ অপব্যৱহাৰ, গৃহযুদ্ধ, বহিৰাগতৰ আগ্ৰাসন, অৰ্থনৈতিক মন্দাৱস্থা আদি কাৰণত ৰোমান সাম্ৰাজ্যৰ আধিপত্য ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। ৪৮০ চন মানতে সাম্ৰাজ্যৰ পশ্চিম অংশৰ পতন হোৱাৰ বিপৰীতে ১৪৫৩ চনত ইয়াৰ পূব প্ৰান্তৰো পতন ঘটে।

ৰোমান সাম্ৰাজ্য অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু সামৰিক ক্ষেত্ৰত সেই সময়ৰ আটাইতকৈ শক্তিশালী আৰু সমৃদ্ধিশালী সাম্ৰাজ্যসমূহৰ অন্যতম আছিল। ই আছিল ধ্ৰুপদী কালৰ বৃহত্তম সাম্ৰাজ্যসমূহৰ এখন। চৰম শিখৰত থকা কালত ইয়াৰ মাটিকালি আছিল ৫০ লাখ বৰ্গ কিলোমিটাৰ[3][5] আৰু প্ৰায় ৭ কোটি লোকেৰে ই বিশ্বৰ জনসংখ্যাৰ ২১% ক ধাৰণ কৰি আছিল। ৰোমান সাম্ৰাজ্যৰ বিস্তৃতি আৰু স্থায়ীত্বই লেটিন আৰু গ্ৰীক ভাষা, সংস্কৃতি, ধৰ্ম, আৱিষ্কাৰ, স্থাপত্য, দৰ্শন, আইন আৰু চৰকাৰ গাঁথনিৰো বিস্তৃতি আৰু স্থায়ীত্ব নিশ্চিত কৰিছিল।

Other Languages
Afrikaans: Romeinse Ryk
aragonés: Imperio Román
asturianu: Imperiu romanu
azərbaycanca: Roma İmperiyası
башҡортса: Рим империяһы
žemaitėška: Ruomas imperėjė
беларуская: Рымская імперыя
беларуская (тарашкевіца)‎: Рымская імпэрыя
български: Римска империя
bosanski: Rimsko carstvo
català: Imperi Romà
Mìng-dĕ̤ng-ngṳ̄: Lò̤-mā Dá̤-guók
qırımtatarca: Roma İmperiyası
dansk: Romerriget
dolnoserbski: Romski imperium
English: Roman Empire
Esperanto: Romia Imperio
español: Imperio romano
estremeñu: Empériu romanu
Na Vosa Vakaviti: Na Matanitu ki Roma
føroyskt: Rómverjaríkið
français: Empire romain
贛語: 羅馬帝國
客家語/Hak-kâ-ngî: Lò-mâ Ti-koet
Fiji Hindi: Roman Samrajya
hrvatski: Rimsko Carstvo
hornjoserbsce: Romski imperij
Kreyòl ayisyen: Anpi Women
interlingua: Imperio Roman
Bahasa Indonesia: Kekaisaran Romawi
italiano: Impero romano
日本語: ローマ帝国
la .lojban.: latmo sosygugje'a
ភាសាខ្មែរ: ចក្រភព រ៉ូម
한국어: 로마 제국
Lëtzebuergesch: Réimescht Räich
Lingua Franca Nova: Impero Roman
Limburgs: Romeins Riek
Ligure: Impêo Roman
lumbaart: Impero Roman
lietuvių: Romos imperija
latviešu: Romas impērija
Malagasy: Empira Romana
македонски: Римско Царство
Bahasa Melayu: Empayar Rom
Mirandés: Ampério Romano
မြန်မာဘာသာ: ရောမအင်ပါယာ
Napulitano: Impero Rumano
Nedersaksies: Romeinse Riek
नेपाल भाषा: रोमन साम्राज्य
norsk nynorsk: Romarriket
occitan: Empèri Roman
ਪੰਜਾਬੀ: ਰੋਮਨ ਸਮਰਾਜ
Papiamentu: Imperio romano
Piemontèis: Imperi Roman
پنجابی: رومی سلطنت
português: Império Romano
română: Imperiul Roman
русиньскый: Римска империя
саха тыла: Рим империята
sicilianu: Mpèriu rumanu
srpskohrvatski / српскохрватски: Rimsko Carstvo
Simple English: Roman Empire
slovenčina: Rímske cisárstvo
slovenščina: Rimski imperij
Gagana Samoa: Emepaea o Roma
српски / srpski: Римско царство
Seeltersk: Roomske Riek
Basa Sunda: Kakaisaran Romawi
Kiswahili: Dola la Roma
Türkmençe: Rim imperiýasy
татарча/tatarça: Рим империясе
ئۇيغۇرچە / Uyghurche: رىم ئىمپېرىيىسى
українська: Римська імперія
vèneto: Inpero Roman
vepsän kel’: Rimalaine imperii
Tiếng Việt: Đế quốc La Mã
West-Vlams: Romeins Ryk
吴语: 罗马帝国
Vahcuengh: Lozmaj Daeqgoz
中文: 羅馬帝國
Bân-lâm-gú: Lô-má Tè-kok
粵語: 羅馬帝國