হেলেনা ব'নহাম কাৰ্টাৰ

হেলেনা ব’নহাম কাৰ্টাৰ
CBE

৮৩তম অস্কাৰ বঁটা ২০১১ প্ৰদানৰ অনুষ্ঠানত হেলেনা ব’নহাম কাৰ্টাৰ
জন্ম ২৬ মে', ১৯৬৬
গ'ল্ডাৰছ গ্ৰীণ, লণ্ডন, ইংলেণ্ড , সংযুক্ত ৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৩–বৰ্তমানলৈ
অংশীদাৰ টিম বাৰ্টন (২০০১–বৰ্তমানলৈ)
সন্তান বিলি বাৰ্টন
নেল বাৰ্টন

হেলেনা ব’নহাম কাৰ্টাৰ ( ইংৰাজী: Helena Bonham Carter) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ১৯৬৬ চনৰ ২৬ মে' তাৰিখে লণ্ডন মহানগৰীৰ গ'ল্ডাৰছ গ্ৰীণত জন্মগ্ৰহণ কৰে। ১৯৮৩ চনৰ পৰা পেছাগত অভিনয় জীৱন আৰম্ভ কৰা কাৰ্টাৰ বৰ্তমানলৈকে সক্ৰিয় ৰূপত অভিনয়ৰ সৈতে জড়িত হৈ আছে।

প্ৰাৰম্ভিক জীৱন

ব'নহাম কাৰ্টাৰে লণ্ডনৰ গ'ল্ডাৰছ গ্ৰীণত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ মাতৃ আছিল এগৰাকী ছাইক'থেৰাপিষ্ট। [1] এক খ্যাতনামা ৰাজনৈতিক পৰিয়ালৰ পৰা অহা তেওঁৰ দেউতাক ৰেইমণ্ড ব'নহাম কাৰ্টাৰ আছিল এজন বণিক অধিকোষপতি ( merchant banker) আৰু তেওঁ ৬০ৰ দশকত ৱাশ্বিংটন ডি. চি. স্থিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত বিকল্প ইংৰাজ পৰিচালক হিচাপে বেঙ্ক অফ ইংলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল। [1] [2]

এডৱাৰ্ড আৰু থমাছ নামে ব'নহাম কাৰ্টাৰৰ দুজন ভ্ৰাতৃ আছে। কাৰ্টাৰে ছাউথ হেম্পষ্টেড হাইস্কুলত শিক্ষাজীৱনৰ পাতনি মেলে। পিছলৈ তেওঁ ৱেষ্টমিনষ্টাৰ স্কুলত নামভৰ্ত্তি কৰে। কেমব্ৰিজৰ কিংছ কলেজত কাৰ্টাৰক নামভৰ্ত্তি কৰিবলৈ দিয়া হোৱা নাছিল। পিছে ইয়াৰ মূলতে তেওঁৰ গ্ৰেড নাইবা বাছনি পৰীক্ষাৰ নম্বৰ নাছিল। বিদ্যালয় কৰ্তৃপক্ষই আশংকা কৰিছিল যে কাৰ্টাৰে তেওঁৰ অভিনয় কেৰিয়াৰত মনোনিবেশ কৰিবলৈ শিক্ষাগ্ৰহণ আধাতে ত্যাগ কৰিব পাৰে। [3]

কাৰ্টাৰৰ পাঁচ বছৰ বয়সতে তেওঁৰ মাতৃ সাংঘাটিকভাৱে স্নায়ুৰোগত আক্ৰান্ত হয় আৰু তিনি বছৰৰ মূৰতহে আৰোগ্য লাভ কৰে। আৰোগ্য লাভৰ পিছত, থেৰাপীৰ বিষয়ে তেওঁৰ অভিজ্ঞতাই তেওঁক এক মনোৰোগ চিকিৎসক হোৱাত সহায় কৰে। বৰ্তমান ব'নহাম কাৰ্টাৰে তেওঁক চিত্ৰনাট্যসমূহ পঢ়ি চৰিত্ৰসমূহৰ মানসিক সঞ্চালন সম্পৰ্কে মন্তব্য আগবঢ়াবলৈ দিয়ে। [4] মাক সুস্থ হোৱাৰ পাঁচ বছৰৰ পিছত কাৰ্টাৰৰ দেউতাকৰ একষ্টিক নিউৰ'মাৰ পৰীক্ষা সম্পন্ন হয়। তেওঁ এক টিউমাৰ অপসাৰণৰ সময়ত কিছু শাৰীৰিক অসুবিধাত ভোগে যাৰ ফলস্বৰুপে এক ষ্ট্ৰ'ক হোৱাত তেওঁ অৰ্ধ-জড়তাত ভুগি হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগা হয়। [5] দুয়োজন জ্যেষ্ঠ ভ্ৰাতৃ কলেজত পঢ়ি থকাৰ বাবে কাৰ্টাৰে ঘৰত থাকি মাতৃক সহায়ৰ হাত আগবঢ়ায়। ২০০৪ চনৰ জানুৱাৰীত পিতৃৰ মৃত্যুৰ আগেয়ে তেওঁ দ্য থিয়'ৰি অফ ফ্লাইটৰ [6] বাবে পিতৃৰ চালচলন আৰু ধৰণ-কৰণ অধ্যয়ন কৰে।

Other Languages
Bahasa Indonesia: Helena Bonham Carter
Lëtzebuergesch: Helena Bonham Carter
norsk nynorsk: Helena Bonham Carter
srpskohrvatski / српскохрватски: Helena Bonham Carter
Simple English: Helena Bonham Carter
slovenščina: Helena Bonham Carter
татарча/tatarça: Хелена Бонэм Картер
Tiếng Việt: Helena Bonham Carter
Bân-lâm-gú: Helena Bonham Carter