পশ্চিমবঙ্গ

পশ্চিমবঙ্গ
—  ৰাজ্য  —
Official seal of পশ্চিমবঙ্গ
মোহৰ
ভাৰতত পশ্চিমবঙ্গৰ অৱস্থান
পশ্চিমবঙ্গৰ মানচিত্ৰ
দেশ ভাৰত
অঞ্চলপূব ভাৰত
প্ৰতিষ্ঠা১ নৱেম্বৰ, ১৯৫৬
ৰাজধানীকলকাতা
জিলামুঠ ২০ খন
চৰকাৰ
 - ৰাজ্যপালএম কে নাৰায়ণন
 - মুখ্যমন্ত্ৰীমমতা বন্দ্যোপাধ্যায়
 - বিধানসভাএককক্ষীয় (২৯৫টি* আসনবিশিষ্ট)
 - লোকসভা
 - উচ্চ ন্যায়ালয়কলকাতা উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ৮৮,৭৫২ কি.মি. 
(৩৪,২৬৭.৩ বৰ্গ মাইল)
অঞ্চলৰ স্থানাক13th
জনসংখ্যা (২০১১)[1]
 - মুঠ৯,১৩,৪৭,৭৩৬ জন
 - স্থানতম
 - জনঘনত্ব১,০২৯.২ প্ৰতি বৰ্গ কি.মি. 
(২,৬৬৫.৭ প্ৰতি বৰ্গ মিটাৰ)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০)
আই এচ অ’ ৩১৬৬ কোডIN-WB
মানৱ উন্নয়ন সূচকdecrease ০.৬২৫ (মধ্যম)
মানৱ উন্নয়ন সূচক স্তৰ১৯তম (২০০৫)
সাক্ষৰতা৭৭.১%[2] (16th)
চৰকাৰী ভাষাবাংলানেপালিইংৰাজী
ৱেবছাইটwbgov.com
^* ২৯৪ জন নিৰ্বাচিত, ১ জন মনোনীত

পশ্চিমবঙ্গ (বঙালী: পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।[3] পশ্চিমবঙ্গ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।[4] এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভুটান আৰু ছিকিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাৰখণ্ড; আৰু দক্ষিণ পশ্চিমে উৰিষ্যা অৱস্থিত। আধুনিক "পশ্চিমবঙ্গ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলকাতাই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে বেঙ্গল প্ৰেসিডেন্সি বোলা হৈছিল[5]। বৃটিচ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে কলিকতা (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বাংলা দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবঙ্গ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভূক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক ছোভিয়েট ৰাছিয়াৰ লেনিনপন্থী মাৰ্ক্সবাদৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।[6][7][8][9][10]

পশ্চিমবঙ্গ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবঙ্গত ভাৰতীয় কমিউনিস্ট পাৰ্টি (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰন্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত কমিউনিস্ট চৰকাৰ।[11][12][13] বৰ্তমানে বামফ্ৰন্টকে পৰাজিত কৰি দক্ষিণপন্থী দল তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছে।

পশ্চিমবঙ্গত দু'টি ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থান আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল (ভাৰতীয় পাৰ্বত্য ৰেলপথৰ অংশ হিচাপে) আৰু সুন্দৰবন জাতীয় উদ্যান

Other Languages
Afrikaans: Wes-Bengale
Ænglisc: West Bengal
تۆرکجه: باتی بنقال
беларуская: Заходняя Бенгалія
беларуская (тарашкевіца)‎: Заходняя Бэнгалія
भोजपुरी: पश्चिम बंगाल
বিষ্ণুপ্রিয়া মণিপুরী: পশ্চিমবঙ্গ
brezhoneg: Kornôg Bengal
Cebuano: West Bengal
Deutsch: Westbengalen
ދިވެހިބަސް: ވެސްޓު ބެންގާލް
Ελληνικά: Δυτική Βεγγάλη
English: West Bengal
गोंयची कोंकणी / Gõychi Konknni: अस्तंत बंगाल
ગુજરાતી: પશ્ચિમ બંગાળ
客家語/Hak-kâ-ngî: Sî Bengal
עברית: מערב בנגל
Fiji Hindi: West Bengal
hrvatski: Zapadni Bengal
Bahasa Indonesia: Benggala Barat
íslenska: Vestur-Bengal
Qaraqalpaqsha: Batıs Bengal (shtat)
қазақша: Батыс Бенгал
한국어: 서벵골 주
कॉशुर / کٲشُر: مغربی بنگال
Lëtzebuergesch: Westbengalen
لۊری شومالی: بأنگال أفتونئشین
latviešu: Rietumbengāle
македонски: Западен Бенгал
монгол: Өрнө Бенгал
Bahasa Melayu: Benggala Barat
नेपाल भाषा: पश्चिम बंगाल
Nederlands: West-Bengalen
norsk nynorsk: Vest-Bengal
پنجابی: لیندا بنگال
português: Bengala Ocidental
Runa Simi: Kunti Banla
srpskohrvatski / српскохрватски: Zapadni Bengal
Simple English: West Bengal
slovenščina: Zahodna Bengalija
српски / srpski: Западни Бенгал
svenska: Västbengalen
Kiswahili: West Bengal
Türkmençe: West Bengal
Tagalog: West Bengal
Türkçe: Batı Bengal
українська: Західний Бенгал
oʻzbekcha/ўзбекча: Gʻarbiy bengaliya
Tiếng Việt: Tây Bengal
მარგალური: ბჟადალი ბენგალი
Bân-lâm-gú: West Bengal