দিল্লী
English: Delhi

দিল্লী
—  কেন্দ্ৰীয় শাসিত অঞ্চল / মহানগৰ  —
দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল
ওপৰৰ পৰা ঘড়ীৰ কাটাৰ দিশত: লটাচ টেম্পল, হুমায়ুনৰ সমাধিস্থান, কনট প্লেচ, অক্ষৰধাম মন্দিৰ আৰু ইণ্ডিয়া গেট
ভাৰতৰ মানচিত্ৰত দিল্লীৰ অৱস্থান
দেশ ভাৰত
বসতিখ্ৰীষ্টপূৰ্ব ৬ শতিকা
ৰাজধানী স্থাপন১৯১১
কেন্দ্ৰীয় শাসিত অঞ্চল গঠন[1][2]১৯৫৬
ৰাজধানীনতুন দিল্লী
জিলা১১
চৰকাৰ
 - পৰিষদদিল্লী চৰকাৰ
মাটিকালি
 - কেন্দ্ৰীয় শাসিত অঞ্চল১,৪৮৪.০ কি.মি. 
(৫৭৩.০ বৰ্গ মিটাৰ)
 - পানী১৭.৯ কি.মি. 
(৬.৯ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক৩১তম
উচ্চতা২০০ মিটাৰ ( ফুট)
জনসংখ্যা (২০১১)[3]
 - কেন্দ্ৰীয় শাসিত অঞ্চল১,৬৭,৮৭,৯৪১ জন
 - জনঘনত্ব১১,৩১২.৬ প্ৰতি বৰ্গ কি.মি. 
(২৯,২৯৮ প্ৰতি বৰ্গ মাইল)
 - চহৰাঞ্চল[4]১,৬৩,৪৯,৮৩১ জন
 - মহানগৰ[3]১,১০,৩৪,৫৫৫ জন
 - মেট্ৰ' অঞ্চল (২০১৬)[5]২,৬৪,৫৪,০০০ জন
বিশেষণদেলহাইট
ভাষা
 - আধিকাৰীক
 - অতিৰিক্ত আধিকাৰীক
জিডিপি (২০১৮–১৯)[7]
 - মুঠ
 - জনমুৰিINR৩,৬৫,৫২৯ (৫,৬৯৯.৩৩ )
 - মেট্ৰ' জিডিপি/পিপিপি$167–370 billion[8][9][10]
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+৫.৩০)
পিনক'ড[11]১১০০০০ – ১১০০৯৯
অঞ্চল কোড+৯১ ১১
আই এচ অ’ ৩১৬৬ কোডIN-DL
HDI (২০১৭)বৃদ্ধি ০.৭৪৪[12] (উচ্চ) · পঞ্চম
সাক্ষৰতা (২০১১)৮৬.২১%[13]
লিংগ অনুপাত (২০১১)৮৬৮ মহিলা/১০০০ পুৰুষ[13]
ৱেবছাইটdelhi.gov.in

দিল্লী (ইংৰাজী: Delhi, হিন্দী: दिल्ली), আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (ইংৰাজী: National Capital Territory of Delhi, NCT), হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত।[14][15]দিল্লীৰ চাৰিসীমাৰ তিনিদিশত হাৰিয়ানা ৰাজ্য (গুড়গাঁও জিলা, ফৰিদাবাদ জিলা, ঝজ্জৰ জিলা আৰু চ'নিপট জিলা) আৰু পূব দিশত উত্তৰ প্ৰদেশ ৰাজ্য (গৌতম বুদ্ধ জিলা, গাজিয়াবাদ জিলা আৰু বাঘপট জিলা) অৱস্থিত। সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ মাটিকালি ১,৪৮৪ বৰ্গ কিলোমিটাৰ (৫৭৩ বৰ্গ মাইল)। ২০১১ চনৰ লোকপিয়ল অনুসৰি কেৱল দিল্লী মূল চহৰাঞ্চলৰ জনসংখ্যা ১.১ কোটিৰো অধিক,[3] এয়া মুম্বাইৰ পিছতে ভাৰতৰ দ্বিতীয় জনবহুল চহৰ।[16] আনহাতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ জনসংখ্যা ১.৬৮ কোটি।[4] দিল্লীৰ নগৰাঞ্চলক বৰ্তমানে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ চাৰিসীমাৰ বাহিৰেও দাতিকাষৰীয়া চহৰসমূহ, যেনে গাজিয়াবাদ, নইডা, বৃহত্তৰ নইডা, ফৰিদাবাদ, গুড়গাঁও, বাহডুৰগড় আৰু চ'নিপটকো অঞ্চলকো অন্তৰ্ভূক্ত কৰি কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (Central National Capital Region, CNCR) নামেৰে নামাকৰণ কৰা হয়। ২০১৬ চনৰ অনুমান অনুসৰি এই বৃহত্তৰ অঞ্চলটোৰ জনসংখ্যা ২.৬ কোটিৰো অধিক। এয়া ৰাষ্ট্ৰসংঘৰ অনুসৰি পৃথিৱীৰ দ্বিতীয় জনবহুল নগৰ অঞ্চল।[5] মানৱ উন্নয়ন সূচকৰ ফালৰ পৰা ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত দিল্লীৰ স্থান পঞ্চম[12] আৰু জনমুৰিৰ ফালৰ পৰা দেশখনৰ ভিতৰত দ্বিতীয়।[7] ইয়াৰোপৰি, দিল্লী পৃথিৱীৰ সৰ্বাধিক প্ৰদূষিত চহৰসমূহৰ ভিতৰত অন্যতম।

দিল্লীত মানূ্হৰ বসতি স্থাপন হয় খ্ৰীষ্টপূৰ্ব ৬ শতিকাতে আৰু তেতিয়াৰে পৰা বৰ্মানলৈ ইয়াত মানুহৰ বসবাস চলি আহিছে।[17] ইতিহাসৰ বিভিন্ন সময়ত ভিন ভিন সাম্ৰাজ্যই দিল্লীত নিজৰ ৰাজধানী স্থাপন কৰিছিল। বিশেষকৈ মধ্যযুগৰ সময়ত দিল্লীক বহুবাৰ দখল-বেদখল, নিৰ্মান-পুনৰ্নিৰান কৰা হৈছিল। আধুনিক যুগৰ দিল্লী হৈছে মহানগৰীয় অঞ্চলটোৰ চুকে-কোনে সিঁচৰিত হৈ থকা কেইবাটাও চহৰৰ সমষ্টি।

যদিও দিল্লী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল, প্ৰশাসনিক ভাবে ইয়াৰ মিল ভাৰতৰ ৰাজ্যসমূহৰ লগতহে বেছি। দিল্লীৰ নিজা বিধানসভা, উচ্চ ন্যায়ালয়, আৰু মুখ্য মন্ত্ৰীৰ নেতৃত্বৰ চলিত মন্তীসভা আছে। নতুন দিল্লী ভাৰতৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰো ৰাজধানী আৰু ইয়াক যুটিয়াভাবে পৰিচালনা কৰে ভাৰত চৰকাৰ আৰু স্থানীয় দিল্লী চৰকাৰে। দিল্লীত ১৯৫১ চনৰ প্ৰথম এছিয় ক্ৰীড়া আৰু ১৯৮২ চনৰ নৱম এছিয় ক্ৰীড়া, ১৯৮২ চনৰ NAM সন্মিলন, ২০১০ চনৰ পুৰুষৰ হকী বিশ্বকাপ, ২০১০ কমনৱেলথ গেমছ, ২০১২ চনৰ চতুৰ্থ ব্ৰীকছ সন্মিলন অনুষ্ঠিত হয়। ২০১১ চনৰ পুৰুষৰ বিশ্বকাপ ক্ৰিকেটৰো দিল্লী এক প্ৰধান আয়োজক চহৰ আছিল।

Other Languages
адыгабзэ: Дели
Afrikaans: Delhi
Alemannisch: Delhi
አማርኛ: ዴሊ
aragonés: Delhi
العربية: دلهي
مصرى: ديلهى
asturianu: Delhi
azərbaycanca: Dehli
تۆرکجه: دهلی
башҡортса: Дели
Bali: Delhi
беларуская: Дэлі
беларуская (тарашкевіца)‎: Дэлі
български: Делхи
भोजपुरी: दिल्ली
বাংলা: দিল্লি
বিষ্ণুপ্রিয়া মণিপুরী: দিল্লী
brezhoneg: Delhi
bosanski: Delhi
буряад: Дели
català: Delhi
Mìng-dĕ̤ng-ngṳ̄: Delhi
нохчийн: Дели
کوردی: دێلھی
čeština: Dillí
Cymraeg: Delhi
dansk: Delhi
Deutsch: Delhi
dolnoserbski: Delhi
ދިވެހިބަސް: ދިއްލީ
Ελληνικά: Δελχί
English: Delhi
Esperanto: Delhio
español: Delhi
eesti: Delhi
euskara: Delhi
estremeñu: Delhi
فارسی: دهلی
suomi: Delhi
Na Vosa Vakaviti: Delhi
føroyskt: Delhi
français: Delhi
Gaeilge: Delhi
贛語: 德里
Gàidhlig: Delhi
galego: Delhi
गोंयची कोंकणी / Gõychi Konknni: Dil'li
ગુજરાતી: દિલ્હી
עברית: דלהי
हिन्दी: दिल्ली
hrvatski: Delhi (grad)
magyar: Delhi
հայերեն: Դելի
Արեւմտահայերէն: Տելհի
Bahasa Indonesia: Delhi
Ilokano: Delhi
ГӀалгӀай: Дели
Ido: Delhi
íslenska: Delí
italiano: Delhi
日本語: デリー
Patois: Deli
ქართული: დელი
Kabɩyɛ: Teeli
қазақша: Дели
kalaallisut: Delhi
ភាសាខ្មែរ: ដេលី
ಕನ್ನಡ: ದೆಹಲಿ
한국어: 델리
कॉशुर / کٲشُر: دلھی
kurdî: Delhî
kernowek: Delhi
Кыргызча: Дели
Latina: Dellium
Ladino: Delhi
лезги: Дели
lingála: Delhi
lietuvių: Delis
latviešu: Deli
मैथिली: दिल्ली
Malagasy: Faritan'i Delhi
олык марий: Дели
Māori: Delhi
മലയാളം: ഡെൽഹി
монгол: Дели
मराठी: दिल्ली
Bahasa Melayu: Delhi
မြန်မာဘာသာ: ဒေလီမြို့
Plattdüütsch: Delhi
नेपाल भाषा: दिल्ली
Nederlands: Delhi (stad)
norsk nynorsk: Delhi
norsk: Delhi
Chi-Chewa: Delhi
occitan: Delhi
Livvinkarjala: Delhi
ଓଡ଼ିଆ: ଦିଲ୍ଲୀ
Ирон: Дели
ਪੰਜਾਬੀ: ਦਿੱਲੀ
Kapampangan: Delhi
polski: Delhi
پنجابی: دلی
پښتو: ډېلي
português: Deli
Runa Simi: Dilhi
română: Delhi
tarandíne: Delhi
русский: Дели
русиньскый: Делі
संस्कृतम्: देहली
саха тыла: Дели
ᱥᱟᱱᱛᱟᱲᱤ: ᱫᱤᱞᱞᱤ
Scots: Delhi
سنڌي: دهلي
davvisámegiella: Delhi
srpskohrvatski / српскохрватски: Delhi
Simple English: Delhi
slovenčina: Dillí
slovenščina: Delhi
српски / srpski: Делхи
svenska: Delhi
Kiswahili: Delhi
ślůnski: Delhi
தமிழ்: தில்லி
ತುಳು: ದೆಹಲಿ
తెలుగు: ఢిల్లీ
тоҷикӣ: Деҳлӣ
ไทย: เดลี
Türkmençe: Deli
Tagalog: Delhi
Türkçe: Delhi
татарча/tatarça: Dähli
Twi: Delhi
ئۇيغۇرچە / Uyghurche: دېھلى
українська: Делі
اردو: دہلی
oʻzbekcha/ўзбекча: Dehli
vèneto: Delhi
vepsän kel’: Deli
Tiếng Việt: Delhi
Volapük: Delhi
Winaray: Delhi
吴语: 德里
მარგალური: დელი
ייִדיש: דעלהי
Yorùbá: Delhi
中文: 德里
Bân-lâm-gú: Delhi
粵語: 德里