জিহাদ

জিহাদ শব্দৰ উত্পত্তি হৈছে আৰবীৰ "জাহাদা" আৰু "জোহাৰ" শব্দৰ পৰা, যাৰ অৰ্থ হৈছে নিজকে ভাল আদৰ্শবান ব্যক্তি হিচাবে গঢ় দিবলৈ বা বেয়া চৰিত্ৰ সংশোধনৰ বাবে কৰা আত্মপ্ৰচেষ্টা। ইয়াৰ ওপৰিও সমাজৰ যিকোনো বিশৃংখলকাৰীৰ বিৰুদ্ধে সংগ্ৰাম কৰাকো আৰবী ভাষাত জিহাদ কৰা বুজায়।

অশান্ত জৰ্জৰিত আৰব দেশত যিসময়ত মানৱতা বোলা বিষয়টি সম্পূৰ্ণভাৱে ভূলুন্ঠিত হৈছিল, যি সময়ত কণ্যা সন্তান জন্ম হ'লেই জীৱন্তে মাতৃ কণ্যাক দগ্ধ কৰি মাৰিছিল, সেই সময়তেই সমাজৰ বিশৃংখলতা নিৰ্মূল কৰি কেৱল এক সৃষ্টিকৰ্ত্তাক উপাসনা কৰাৰ বাণীৰে শান্তিৰ বাৰ্তাবাহক মহম্মদ(চাল্লাহুআলাইহি ওয়াচাল্লাম)ক আল্লাহে নবীৰ দায়িত্ব অৰ্পণ কৰিছিল।উক্ত সময়ত সমাজত শান্তি স্থাপনৰ উদ্দেশ্যে সৰু বৰ মুঠ প্ৰায় ৮০ খন যুদ্ধ অশান্তি সৃষ্টিকাৰীৰ বিৰুদ্ধে সংঘটিত হৈছিল, ইয়াৰে ২৭ খন যুদ্ধত মহম্মদ(চাল্লাহুআলাইহি ওয়াচাল্লাম)য়ে নিজে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত মাত্ৰ ৯ খন যুদ্ধত অস্ত্ৰ হিচাবে তাৰোৱাল ব্যৱহাৰ কৰা হৈছিল। আটাইকেইখন যুদ্ধত মৃতকৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩১৩ জন। উল্লেখযোগ্য যে এই পৰিসংখ্যা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ তুলনাত একেবাৰে নগন্য আছিল । উল্লেখযোগ্য বিষয় যে এই সৰু বৰ যুদ্ধ সমূহৰ মূখ্য উদ্দেশ্য আছিল সমাজত শান্তি প্ৰতিষ্ঠা কৰা

ভাষাবিদ সকলে শান্তি প্ৰতিষ্ঠাৰ এই জিহাদক ধৰ্মীয় যুদ্ধ বুলি অপবাখ্যাৰ প্ৰচাৰ চলায়!! কিন্তু প্ৰকৃত অৰ্থত জিহাদৰ লগত ধৰ্মীয় যুদ্ধৰ কোনো সম্পৰ্কই নাই। ধৰ্মীয় যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে " হাৰবুল মুকাদ্দীচা" । পবিত্ৰ কোৰআনত এই দুয়োটা শব্দৰ প্ৰয়োগ যদি আমি লক্ষ্য কৰো তেন্তে দেখা যায় জিহাদ শব্দৰ কোৰআনত মুঠ ২৪ বাৰ প্ৰয়োগ হৈছে , কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় যুদ্ধ বা হাৰবুল মুকাদ্দীচা শব্দৰ এবাৰো কোৰআনত উল্লেখ নাই। এই তথ্যই স্পষ্ট কৰে যে মহান আল্লাহে সমাজত শান্তি শৃংখলা বজাই ৰাখি অপকৰ্মৰ পৰা নিজকে বচাই ৰাখিবলৈ কোৰআনত ২৪ বাৰকৈ সোঁৱৰাই দিয়াৰ বিপৰীতে ধৰ্মৰ নামত যুদ্ধ কৰিবলৈ এবাৰো কোৱা নাই!! ইছলাম ধৰ্মৰ এক অন্যতম আদৰ্শ হৈছে " লা ইকৰাহা ফি দ্বীন ", অৰ্থাৎ দ্বীনত কোনো জবৰজস্তি নাই, গতিকে ধৰ্ম প্ৰতিষ্ঠাৰ বাবে যুদ্ধ কৰাৰ প্ৰশ্নই অবান্তৰ!!

Other Languages
Afrikaans: Djihad
aragonés: Alchihad
العربية: جهاد
asturianu: Yihad
azərbaycanca: Cihad
تۆرکجه: جیهاد
български: Джихад
বাংলা: জিহাদ
bosanski: Džihad
català: Gihad
Cebuano: Dyihad
čeština: Džihád
Cymraeg: Jihad
dansk: Jihad
Deutsch: Dschihad
Ελληνικά: Τζιχάντ
English: Jihad
Esperanto: Ĝihado
español: Yihad
eesti: Džihaad
euskara: Jihad
فارسی: جهاد
suomi: Jihad
français: Djihad
Gaeilge: Jiohád
galego: Xihad
ગુજરાતી: જિહાદ
עברית: ג'יהאד
हिन्दी: जिहाद
hrvatski: Džihad
magyar: Dzsihád
Հայերեն: Ջիհադ
interlingua: Jihad
Bahasa Indonesia: Jihad
íslenska: Jihad
italiano: Jihād
日本語: ジハード
Basa Jawa: Jihad
қазақша: Жиһад
한국어: 지하드
kurdî: Cîhad
Кыргызча: Жыхад
Latina: Gihad
lietuvių: Džihadas
latviešu: Džihāds
മലയാളം: ജിഹാദ്
Bahasa Melayu: Jihad
Nederlands: Jihad
norsk nynorsk: Jihad
norsk: Jihad
occitan: Jihad
ਪੰਜਾਬੀ: ਜਿਹਾਦ
polski: Dżihad
پنجابی: جہاد
português: Jihad
română: Jihad
русский: Джихад
sicilianu: Jihad
srpskohrvatski / српскохрватски: Džihad
සිංහල: ජිහාඩ්
Simple English: Jihad
slovenčina: Džihád
slovenščina: Džihad
Soomaaliga: Jihaad
shqip: Xhihadi
српски / srpski: Џихад
Basa Sunda: Jihad
svenska: Jihad
Kiswahili: Jihadi
தமிழ்: ஜிகாத்
తెలుగు: జిహాద్
тоҷикӣ: Ҷиҳод
ไทย: ญิฮาด
Tagalog: Jihad
Türkçe: Cihat
татарча/tatarça: Җиһад
українська: Джихад
اردو: جہاد
oʻzbekcha/ўзбекча: Jihod
Tiếng Việt: Jihad
吴语: 吉哈德
中文: 吉哈德
文言: 聖戰
Bân-lâm-gú: Jihad
粵語: 聖戰