উদ্ভিদ বিজ্ঞান, (ইংৰাজী: Botany; plant science(s) বা plant biology বুলিও কোৱা হয়।) উদ্ভিদৰ জীৱন বিজ্ঞান, জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাৰ অধ্যয়ন কৰা বিজ্ঞানী সকলক উদ্ভিদ বিজ্ঞানী বা উদ্ভিদবিদ বুলি কোৱা হয়। পৰম্পৰাগতভাৱে, উদ্ভিদ বিজ্ঞান বুলিলে, ভেঁকুৰ আৰু শেলাইৰ অধ্যয়নকো সাঙুৰি লোৱা হয়। বৰ্তমান, উদ্ভিদবিদসকলে প্ৰায় ৪,০০,০০০ বিধ জীৱিত প্ৰজাতিৰ অধ্যয়ন কৰে ইয়াৰ ভিতৰত প্ৰায় ২,৬০,০০০ বিধ সংবহনী উদ্ভিদ আৰু প্ৰায় ২,৪৮,০০০ বিধ সপুষ্পক উদ্ভিদ।
উনবিংশ আৰু বিংশ শতিকাত, উদ্ভিদবিদ্যাত পোহৰ অনুবীক্ষণবিদ্যা আৰু জীৱন্ত কোষৰ চিত্ৰায়ন, বিদ্যুৎ অনুবীক্ষণবিদ্যা, ক্ৰ'ম'জমৰ সংখ্যাৰ বিশ্লেষণ, উদ্ভিদ ৰাসায়ন আৰু উৎসেচক আৰু অন্য প্ৰ'টিনৰ গঠন আৰু কাৰ্য আদিৰ দৰে নতুন কৌশল উদ্ভাৱন হৈছিল।
আধুনিক উদ্ভিদবিদ্যা, বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্য বহু ক্ষেত্ৰক সাঙুৰি লোৱা এটা বহুধাবিভক্ত বিষয়। উদ্ভিদবিদ্যাত উদ্ভিদৰ গঠন, বিকাশ আৰু ভিন্নতা, প্ৰজনন, জৈৱৰসায়ন আৰু পৰিপাক ক্ৰিয়া, ৰাসায়নিক উৎপাদ, বিকাশ, ৰোগ, বংশগতি, শ্ৰেণীবিভাজন, আৰু বৰ্গীকৰণ আদি বিষয়বস্তুৰ গৱেষণা কৰা হয়। একবিংশ শতিকাত উদ্ভিদবিদ্যাৰ সৰ্বাধিক অধ্যয়ন কৰা বিষয়বস্তু আছিল আনবিক বংশগতি আৰু এপিজেনেটিক্স। উদ্ভিদবিদ্যা অধ্যয়নৰ কিছুমান প্ৰধান প্ৰয়োগক্ষেত্ৰ হৈছে প্ৰমুখ্য ভোজন আৰু ৰেছম, আধুনিক উদ্যানকৃষি, কৃষি আৰু বনাঞ্চল, উদ্ভিদৰ বিস্তাৰ, উদ্ভিদ প্ৰজনন আৰু জিনীয় উৎপৰিবৰ্তন, ৰসায়নৰ সংশ্লেষণ, নিৰ্মান আৰু শক্তি আহৰণৰ কেঁচামাল, প্ৰাকৃতিক পৰিচালনা, জৈৱবিচিত্ৰতাৰ সংৰক্ষণ।