অসমীয়া ভাষা

অসমীয়া
অসমীয়া
Oxomiya in Oxomiya Lipi.svg
আই পি এ উচ্চাৰণɔxɔmija
কোৱা হয়ভাৰত, ভূটান, বাংলাদেশ, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি
অঞ্চলঅসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, উত্তৰ-পূব ভাৰতৰ আন কোনো কোনো ঠাই, দিল্লী, বেংগালুৰু, উত্তৰ প্ৰদেশ, পুণে-মহাৰাষ্ট্ৰ, কলিকতা আদিৰ ঠাইবিশেষে[1]
স্থানীয় ভাষিক১৩ নিযুত (মুঠ ২০ নিযুত)  (date missing)
ভাষা পৰিয়াল
হিন্দ-ইউৰোপীয়
উপভাষা
পূব উপভাষা
মধ্য উপভাষা
কামৰূপী উপভাষা
গোৱালপৰীয়া উপভাষা
লিখন প্ৰণালীঅসমীয়া লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষাভাৰত (অসম)
নিয়মাধীন হয়অসম সাহিত্য সভা
ভাষা সংকেত
ISO 639-1as
ISO 639-2asm
ISO 639-3asm

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতঅসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা দোৱান ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি[2] আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি[3]

অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্টসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ।

উদ্ভৱ আৰু বিকাশ

মাগধী প্ৰাকৃত অনুসৰি অসমীয়া ভাষাৰ উদ্ভৱৰ বিভিন্ন ধাৰা

প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিবৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে৷ অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে৷ এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায়৷ তাৰ ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল- কালিৰাম মেধিৰ মতে প্ৰাচ্য-পশ্চিমাৰ মিশ্ৰণ, কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত, দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া, সৌমাৰ প্ৰাকৃত, বেণিমাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ড° জৰ্জ আব্ৰাহম গ্ৰীয়াৰ্চন, তাৰাপৰোৱালা, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° উপেন্দ্ৰনাথ গোস্বামী, ড° গোলোক চন্দ্ৰ গোস্বামী, ড° মহেশ্বৰ নেওগ, ড° নগেন ঠাকুৰ, ড° ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত[4][5]

বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই৷ কিন্তু ইণ্ডো-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰৰ মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷[6]

এইক্ষেত্ৰত ড° উপেন্দ্ৰ নাথ গোস্বামীৰ মতে-

অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা৷ ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি৷ মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল'বলৈ উপক্ৰম কৰে৷ অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতত্সম আৰু তদ্ভৱ শব্দ৷ অসমীয়া ভাষটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে৷

[7]

অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ বিচাৰ[8] গ্ৰন্থত ড° গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে তৈয়াৰ কৰিছে-
ভাষা- অসমীয়া
গোত্ৰ- ইণ্ডো-ইউৰোপীয়
প্ৰৱৰ- আৰ্য
শাখা- বৈদিক
বৰ্ণ- প্ৰাচ্য (কামৰূপ) প্ৰাকৃত
গণ- কামৰূপী অপভ্ৰংশ
ক্ষণ- দ্বাদশ-ত্ৰয়োদশ শতিকা
ক্ষেত্ৰ- উত্তৰ-পূব ভাৰত খণ্ড

আনহাতে প্ৰাক-আহোম যুগৰ কামৰূপৰ হিন্দুৰজাসকলৰ তাম্ৰফলিবোৰ সংস্কৃতত লিখা হ'লেও তাৰ মাজত সোমাই থকা অনাৰ্য শব্দসমূহে সেই সময়ৰ জনসাধাৰণৰ কথিত ভাষাটোৰ সুকীয়া অস্তিত্বৰ কথাকে সুচাই৷ বেণীমাধৱ বৰুৱাই এই কথিত ভাষাটোক কামৰূপী প্ৰাকৃত নাম দিছে৷ ডিম্বেশ্বৰ নেওগ, বিশ্বেশ্বৰ হাজৰিকাই আদিয়েই এই মতকে পোষণ কৰিছে৷ ড° ডিম্বেশ্বৰ নেওগে Growth of the Asamiya Language-ত অসমীয়া ভাষাৰা জন্ম মাগধী প্ৰাকৃতৰ পৰা হোৱা বুলি চলি অহা ধাৰণাটো ভুল আৰু ই "it did not stand analysis and proper scrutiny" বুলি মন্তব্য কৰিছে৷[9][10]

অসমীয়া ভাষাৰ বিকাশক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে৷[11]

  1. প্ৰাচীন অসমীয়া- চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ৷ এই কালছোৱাক আকৌ প্ৰাক-বৈষ্ণৱ আৰু বৈষ্ণৱ দুটা ভাগত ভগাব পাৰি৷
  2. মধ্যযুগীয় অসম- সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ৷ আহোম ৰাজসভাৰ বুৰঞ্জীৰ গদ্যলৈকে৷
  3. আধুনিক অসমীয়া- ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ৷


খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে৷

Other Languages
Afrikaans: Assamees
العربية: لغة آسامية
asturianu: Asamés
azərbaycanca: Assam dili
تۆرکجه: آسام دیلی
беларуская: Асамская мова
български: Асамски език
भोजपुरी: असमिया भाषा
বিষ্ণুপ্রিয়া মণিপুরী: অহমীয়া ঠার
brezhoneg: Asameg
català: Assamès
čeština: Ásámština
Cymraeg: Asameg
Zazaki: Asamki
Esperanto: Asama lingvo
español: Idioma asamés
euskara: Assamera
suomi: Assami
français: Assamais
ગુજરાતી: આસામીઝ ભાષા
עברית: אסאמית
Fiji Hindi: Assamese bhasa
hrvatski: Asamski jezik
Հայերեն: Ասսամերեն
Bahasa Indonesia: Bahasa Assam
íslenska: Assamíska
italiano: Lingua assamese
日本語: アッサム語
ქართული: ასამური ენა
ಕನ್ನಡ: ಅಸ್ಸಾಮಿ
한국어: 아삼어
lietuvių: Asamų kalba
latviešu: Asamiešu valoda
Malagasy: Fiteny assamey
македонски: Асамски јазик
മലയാളം: ആസ്സാമീസ്
Bahasa Melayu: Bahasa Assam
नेपाली: असमिया
नेपाल भाषा: आसामी भाषा
Nederlands: Assamees
norsk nynorsk: Assamesisk
norsk: Assamesisk
Piemontèis: Lenga assamèisa
پنجابی: اسامی بولی
português: Língua assamesa
Runa Simi: Asam simi
română: Limba assameză
संस्कृतम्: असमिया
srpskohrvatski / српскохрватски: Asamski jezik
Simple English: Assamese language
slovenčina: Ásamčina
српски / srpski: Асамски језик
svenska: Assamesiska
Kiswahili: Kiassam
Tagalog: Wikang Asames
Türkçe: Assam dili
українська: Асамська мова
oʻzbekcha/ўзбекча: Assom tili
Tiếng Việt: Tiếng Assam
მარგალური: ასამური ნინა
Yorùbá: Asamiisi
中文: 阿萨姆语
粵語: 阿參文